অপুৱে দুইবজাৰ পৰাই ৰেডিওটোৰ সন্মুখত বহি ল’লে ; তাকে দেখি বায়েকৰ বৰ খং উঠিল ৷ যোৱা তিনিদিন ধৰি বায়েকৰ খং উঠি আছে কাৰণ প্ৰত্যেকদিনাই অপুৱে দুই বজাৰ পৰা ‘ৰানিং কমেন্টৰী’ শুনিবলৈ ৰেডিওটো দখল কৰি লৈছে – বোলে এইকেইদিন বৰদলৈ ট্ৰফীৰ চেমিফাইনেল আৰু ফাইনেল আছে ৷ গতিকে তাই বিৰাট ভালপোৱা এৰিয়েল লগোৱা জিইচি ৰেডিওটোত সেইসময়ত গান-টান শুনা বন্ধ ৷ তাই দেউতাকৰ আগত আপত্তি কৰিলে যে কেৱল এইকেইদিনেই নহয়, ভায়েকৰ এই কাৰবাৰ আজি ভালেমান দিনৰ পৰা চলি আছে কাৰণ ইখনৰ পিচত সিখনকৈ বোলে ডাঙৰ ডাঙৰ ফুটবল টুৰ্নামেন্ট চলি আছে --কিবা বোলে ইণ্ডিপেণ্ডেচ কাপ, ডুগৰ শ্বিল্ড, ডিচিএম আৰু এতিয়া বৰদলৈ ট্ৰফী; কিন্তু দেউতাকে ‘হয় নেকি’ বুলি হাঁহিহে মাৰি থ’লে ৷ তাই মাকৰ ওচৰত আপত্তি কৰিলেগৈ, কিন্তু অপুৱে কৈ দিলে বোলে আৰু আছে –যোৰহাটত এটিপিএ শ্বিল্ড আৰু তাৰ অলপদিন পিচতেই হ’ব ভাৰত-অষ্ট্ৰেলিয়া ক্ৰিকেট চিৰিজ আৰু তেতিয়াতো ৰেডিওতো তাৰ দখলতেই থাকিব কাৰণ সি এটাও চেচনৰ কমেণ্টৰী নেৰে ৷
--“নহ’ব নহ’ব, ক্ৰিকেট মানেতো গোটেই দিনটোৱেই তই বহি ল’বি !”
--“অ , বহিলমেইতো ,”
--“আহা—হা ন-হ’-ব,”
--“চা, মইতো সেইবোৰ ঠাইলৈ খেলাবোৰ চাবলে যাব নোৱাৰো, ৰেডিওত শুনিয়েই চোৱা যেন পাওঁ; সেইকাৰণে মই শুনিমেই ৷”
বায়েক কন্দনামুৱা হ’ল, অপুৱে তালৈ কেৰেপ নকৰি দীপু চৌধুৰী আৰু সুৰেণৰাম ফুকনৰ চলন্ত বিৱৰণীত মনোযোগ দিলে ৷ বায়েকৰ উচুপনি আৰু মাকৰ ধমকিৰ মাজতে সি কমেণ্টেতৰে কিবা এষাৰ বিশ্বাস কৰিব নোৱাৰা ধৰণৰ কথা কোৱা যেন পালে ৷ দোমোজাত পৰি কাণপাতি শুনি থাকোতেই ভাগ্যক্ৰমে বিৱৰণীৰ মাজতে কমেণ্টেতৰে আকৌ এবাৰ কথাটো কোৱা শুনি সি উত্তেজিত হৈ উঠিল ৷
--“আজিৰ পৰা তৃতীয়দিনা ৰাজধানী শ্বিলঙত মহমেডান স্পৰ্টিং আৰু শ্বিলং একাদশৰ মাজত এখন প্ৰদৰ্শনী খেল অনুষ্ঠিত হ’ব ৷”—অবিশ্বাস্য হ’লেও নিশ্চয় সঁচা কাৰণ ৰেডিওত কৈছেযে ৷
*********
অপুৱে মনতে থিৰ কৰিলে যে সি সেই প্ৰদৰ্শনী খেলখনলৈ যেনেতেনে যাবই -- ষ্ট্ৰাইকাৰ আকবৰ, লেফ্ট উইঙত কান্নান, বিখ্যাত গলকীপাৰ থঙ্গৰাজ, মিডফিল্ডত ৰামান্না আৰু পাপান্না, তাৰোপৰি লতিফ—তাৰ মনচকুত অনবৰতে ভাঁহি থকা নায়কসকলৰ খেলা নোচোৱাকৈতো থাকিব নোৱাৰি -- এই সুযোগ হাতৰ পৰাতো ওলাই যাবলৈ দিব নোৱাৰি ৷
কমেণ্টৰী শুনি থকা খেলখনত অসম পুলিচ দলে পৰাক্ৰমী মহমেডান স্পৰ্টিঙক হৰুৱাই ট্ৰফী জিকাত সি আনন্দত মতলীয়া হ’ল , কিন্তু পৰাজয় স্বত্বেও শ্বিলঙত মহমেডানৰ খেলখন চোৱাৰ বাবে সি পৰম উৎকণ্ঠিত হৈ ৰ’ল ৷
--“খেলখন নিশ্চয় গেৰিচন গ্ৰাউণ্ডত হ’ব,”—অপুৰ মনত নিশ্চিত ভাৱ খেলালে ৷ চাৰি-পাঁচদিনমান আগতে মিনুৰ নেতৃত্বত পাৰাৰ ল’ৰাবোৰে মনে মনে কামাখ্যা মিষ্টান্ন ভাণ্ডাৰৰ লবঙ্গ আৰু জিলাপিৰ সোৱাদ লবলৈ যাওঁতে গেৰিচন গ্ৰাউণ্ডৰ চাৰিওফালে টিনপাতৰ ঘেৰা দি থকা দেখি কিয়নো ঘেৰিছে বুলি তাৰ মনত ভাব হৈছিল ৷
--“খেলখনত চাগে তেনেহ’লে টিকেট লাগিব !”—তাৰ মনত চাৎকৈ কথাটো খেলালে ৷
--“টিফিনৰ পৰা বচোৱা গোটেইখিনি পইচা যে সেইদিনা লবঙ্গ আৰু জিলাপি খাওঁতেই শেষ হৈ গ’ল ৷”—সি নিজকে নিজেই দুষিলে,-“কিয়যে সেইদিনা মিনুৰ লগত গৈছিলো !” –
তাৰোপৰি কোনোবা ডাঙৰ মানুহে সেইদিনা তাক কামাখ্যা মিষ্টান্ন ভাণ্ডাৰত ৰসাল জিলাপি খাই থকোতে দেখি দেউতাকক কৈ দিলে ৷ তাক তেনেকৈ অকলে কিয় যাবলৈ দিলে বুলি দেউতাকে মাকক টানকৈ সুধিলে ; ঘৰত নজনোৱাকৈ মনে মনে দূৰলৈ যোৱা বাবে মাকে তাক ভালকৈ এজাউৰি দিলে ৷ সেইদিনা সন্ধিয়াৰ দেউতাকৰ ৰঙা চকুৰ ঘোপা চাৱনিয়ে কিছুদিনলৈ তাক পুণৰ অকলে কৰবালৈ যোৱাৰ পৰা সদ্যহতে নিৰস্ত কৰি ৰাখিছে ৷ বায়েককেইজনীয়ে সেইকথাত বৰ ৰং পাইছে ৷ অপুহে মনে মনে আচৰিত হয় যে যোৱা মাহততো তাৰ বাৰবছৰ হ’ল, তথাপি কিয় বাৰু মাক আৰু বাবাকে ইমান ডাঙৰ ল’ৰা এটাক পাৰাৰ বন্ধুবোৰৰ সৈতে দূৰলৈ যাবলৈ নিদিয়ে ৷
****************
অপুৱে মনতে আশা কৰিলে যে সি খেলা কিমান ভাল পায় বাবাকেতো জানে, গতিকে তাক নিশ্চয় খেলখন চাবলৈ যাবলৈ দিব ৷ তথাপি তাৰ মনত সন্দেহ জাগিল,--“বাবাৰ নিজৰ খেলত বৰ আগ্ৰহ নাই গতিকে মোক গেৰিচন গ্ৰাউণ্ডলৈ লৈ নাযাবও পাৰে ; আৰু বাবাৰ লগত খেলা চাই বৰ ভালো নালাগিব, পাৰাৰ ল’ৰাবোৰ নহ’লে নজমিব দেখোন ৷ কিন্তু কোনোবা ডাঙৰ এজন-দুজনমান লগত নহ’লে পাৰাৰ কোনোবা ল’ৰাক জানো খেলখনলৈ যাবলে দিব ! !”
অপুৱে তাৰ ভায়েক-বৰখুৰাকৰ ল’ৰা ৰাজুক লগত লৈ ওচৰৰে টুকনৰ ঘৰলৈ গৈ তাক প্ৰায় আদেশ দিয়াদি ক’লে,-“বাপুদাক সোধ আমাক খেলখনলে লৈ যাব নেকি ৷” ভয়তে ৰঙা-চিঙা পৰি টুকন মনে মনে ৰ’ল ৷ টুকনৰ ককায়েক বাপুদা তেতিয়া বেচ ডাঙৰ মানুহ ; বাপুদাই দুবছৰ আগতে মেট্ৰিক পাছ কৰিলে আৰু হিপ পকেটত এখন মাত্ৰ বহী লৈ কলেজলৈ যায় – ভাবিব নোৱাৰা কথা ৷ অপু আৰু লগৰ ল’ৰাবোৰে মাজে মাজে আলোচনা কৰে –“মেট্ৰিক পাছ কৰিলে ক্কিযে মজা হ’ব, পিঠিত আৰু গধুৰ বেগ ল’ব নালাগে – হিপ পকেটত মাত্ৰ এখন লিৰিকা বহী ল’লেই হ’ব – আৰু জান অফ পিৰিয়ডো বোলে থাকে—একদম আচৰিত –কিন্তু একদম সঁচা কথা --৷”
অপুৱে বাপুদাক কথাষাৰ সুধিবৰ কাৰণে টুকনক জোৰ দিলে, সি পিচে ভয়তে শেহাই ক’লে,-“সেইকথা সুধি মই কাণতলীয়া চৰ খাব নোৱাৰো ৷”
সেইসময়তে কৰবাৰ পৰা বাপুদা আহি সেইখিনিতে ওলালেহি, পিন্ধনত এটা ক’লা ড্ৰেইনপাইপ পেণ্ট আৰু বিটল্চ বুট ৷ অপুৱে সাহ কৰি মাত দিলে,-“বাপুদা জানে আপুনি, পৰহিলৈ মহমেডান স্পৰ্টিং আৰু শ্বিলং একাদশৰ মাজত এখন খেল হ’ব ৷
--“অ’ জানো –“
উৎসাহিত হৈ অপুৱে ক’লে,-“আমি কেইটামান ল’ৰা আপোনাৰ লগত খেলখনলৈ যাব খুজিছো ৷”
কথাষাৰ শুনি বাপুদাৰ চকুদুটা চকখোৱাৰ দৰে ডাঙৰ হৈ গ’ল, কিৰা এটা “ফি-উ-উ-“ ধৰণৰ শব্দ কৈ তৎক্ষণাত তাৰপৰা আঁতৰ হ’ল যেন মৌ এবাহেহে খেদিলে ৷
অপু আৰু ৰাজু যোৱাৰ পিচত বাপুদাই তাৰ যি গতি কৰিব সেই কথা ভাবি টুকন কন্দনামুৱা হ’ল আৰু অপুক গালি পাৰিলে ৷ কিন্তু অপুৰ এই কথাত ভাল লাগিল যে কিবা যদি ব্যৱস্থা হয় তেন্তে টুকন খেলখনলৈ যাবলৈ ৰাজী ৷
********
এইবাৰ সিহঁতে চুবুৰীয়া নীলুদাক লগ ধৰিবলৈ ঠিক কৰিলে ৷ নীলুদাও কলেজত পঢ়ে কিন্তু মৰমিয়াল : পিচে তেওঁ সেইসময়ত ঘৰত নাছিল ৷ সিহঁতে মিনুৰ অনুপস্থিতি বৰকৈ অনুভৱ কৰিলে – ডেয়াৰ ডেভিল সাহসী মিনু—পাৰাৰ স্কুলীয়া ল’ৰাজাকৰ দলপতি মিনু ৷ সিহঁতৰ আগত অনবৰতে গুজৰি-গুমৰি থকা মিনু যোৱা এসপ্তাহে খুৰাকৰ কঠোৰ আদেশত বশীভূতহৈ ভিজামেকুৰী হৈ আছে ৷ মিনুৰ ছয়মাহিলী পৰীক্ষাৰ মাৰ্কশ্বিটখন চাই সেইদিনাখন খুৰাক টিঙিৰিতুলাহৈ পাৰাৰ ল’ৰাবোৰৰ আগতে মিনুক ভালকৈ এজাউৰি দিলে,--“অৰে বাবা এইসব কি নাম্বাৰ হল?” ধৰ খুৰাই ছয়মাহ আগতেও ক্লাচ এইটৰ পৰা নাইনলৈ প্ৰমোচন পোৱা বছৰেকীয়া পৰীক্ষাৰ ৰিজাল্টৰ “খাৰাপ নাম্বাৰগুলো” চাই মিনুক প্ৰচণ্ড ধমকি দিছিল আৰু গতি-গোত্ৰ শুধৰাবলৈ সকিয়াই দিছিল ৷ তাৰেই পৰিণতিত কেটেঙা স্বঘোষিত বাঘাটো যোৱা এসপ্তাহ ধৰি গৃহবন্দীত্বত আৰু তাৰ বৰ্হিজগতৰ লগত সম্পৰ্ক পৰ্দাৰ ফাঁকেৰে জুমি চোৱাতেই সীমাবদ্ধ ৷ সৰুভায়েকক গৃহবন্দীত্বৰ আদেশৰ পৰা মুকলি কৰিবলৈ শান্ত-শিষ্ট নীলুদাক কিছু সময় লাগিব ৷ অপুৱে কল্পনা কৰিলে যে মিনুৱে চাগে চকুপানী টুকি টুকি ইমান ডাঙৰ খেলখনৰ মাত্ৰ ৰাণিং কমেণ্টৰী শুনিয়েই হিয়া শাঁত পেলাব লাগিব ; মিনুৰ অনুপস্থিতিত খেলখন চাবলৈ যোগাৰ কৰাৰ দায়িত্ব সেয়ে সিয়েই লৈ ল’লে ৷
************
দেউতাকে অফিচৰ পৰা আহি চাহ খাবলৈ বহোতে অপুও কাষতে বহিল,-“বাবা পৰহিলৈ গেৰিচন গ্ৰাউণ্ডত মহমেডান স্পৰ্টিং আৰু শ্বিলং একাদশৰ এখন খেল হ’ব ৷’
বাবাকে মিচিকিয়াই ক’লে,-“গম পাওঁ ৷”
-“মোক যাবলৈ দেনা –“
উত্তৰ নাহিল ৷
--“মোক খেলখন চাবলে লৈ ব’লনা ৷”
বাবাকে মাথো ক’লে,-“চাওঁচোন বাৰু,”-
সেইদিনা সন্ধিয়াৰ প্ৰাৰ্থনাত অপুৰ ভক্তিভাৱ দেখি বায়েকহঁত আচৰিত হ’ল ; সি একান্তমনে ভগৱানক খাটিলে তাৰদৰে এটা সৰুল’ৰাৰ প্ৰতি দয়া কৰিবলৈ আৰু খেলখন চোৱাৰ কিবা এটা ব্যৱস্থা কৰি দিবলৈ ৷
*********
ৰাতি ভাতখোৱাৰ সময়ত অপুৱে বাবাকক খেলখনৰ কথা আকৌ মনত পেলাই দিলে কিন্তু হা বা না একো উত্তৰ নাপালে ৷ কথাটো সেইদৰে মাজতে ওলমি থকাত অপুৰ বৰ অস্বস্তি লাগিল ৷ বাবাকক খোচ দি অপুৱে ক’লে যে সি মিনুৰ লগতেই ব্যৱস্থা কৰি যাব পাৰিলেহেঁতেন যদিহে ধৰখুৰাই মিনুক ঘৰত বন্ধ কৰি ৰখাৰ দৰে অদ্ভুৎ কাণ্ডটো নকৰিলেহেঁতেন ৷ বাবাকে তালৈ টানকৈ চাই ক’লে,-“ধৰবাবুৱে যি কৰিছে ঠিক কৰিছে ৷ তই জাননে যেতিয়া মিনু আৰু নীলুৰ মাক-দেউতাক ঢুকাইছিল তেতিয়া মিনু আছিল পানীকেঁচুৱা আৰু নীলু আছিল পাঁচবছৰীয়া ৷ ধৰবাবুৱে আগৰতলাৰ পৰা ভতিজাকেইটাক লৈ আনি নিজৰ সন্তানৰ নিচিনাকৈ তুলিলে ৷ নীলু ঠিকেই আছে কিন্তু মিনুৱে কৰিছে কি ! সি এতিয়া ক্লাচ নাইনত—সৰুল’ৰা হৈ থকা নাই নহয় ৷ ---খেলখন চাবলৈ যোৱাটো বাৰু ঠিকেই আছে, কিন্তু পঢ়াত পিচলিব লাগিলে – মনত ৰাখিবি তোৰো একেই দশা কৰিম ৷” তথাপি তেওঁ হা না একো এটা নক’লে ৷ অপু মনে মনে থাকিল যদিও বাবাকে কোৱা –“খেলখন চাবলৈ যোৱাটো বাৰু থিকেই আছে,”- কথাষাৰে তাৰ মনত অলপ আশাৰ সঞ্চাৰ কৰিলে ; মনতে সি ভাবিলে,-“মইতো পঢ়া ঢিলাই দিয়া নাই, তেনে-হলে চা-গে তে-নে-হ-লে- চা---” তাৰ টোপনি গ’ল ; পাৰাৰ ল’ৰাবোৰৰ লগত নতুনকৈ কিনা ৰাছিয়ান ফুলবলটো চুটিয়াই থকা সপোন এটাই ৰাতিটো অগাদেৱা কৰি থাকিল ৷
*********
পিচদিনা কিবা কাৰণত স্কুল বন্ধ আছিল আৰু পুৱাবেলা পঢ়া শেষ কৰি অপু আৰু টুকন একেলগ হৈ ধৰখুৰা অফিচলৈ যোৱালৈ ৰৈ থাকিল আৰু তেওঁ যোৱাৰ লগে লগে মিনুক লগ পাবলৈ গ’ল ৷ পিচে মিনুৱে সিহঁতক লগ কৰিবলৈ ওলাই নাহিল ; সিহঁত দুয়ো নিশ্চিত হ’ল যে বাঘাটোৱে তাতকৈ সৰু ল’ৰাকেইটাৰ আগত নিজৰ পিঞ্জৰাবদ্ধ ৰূপটো দেখুৱাবলৈ লাজ পাইছে ৷ ধৰখুৰীয়ে সিহঁতক আদৰ কৰি নাৰিকলৰ লাড়ু আৰু পাটিচাপতা খুৱালে আৰু তেওঁলোকৰ ঘৰৰ পৰিস্থিতি শাম নকটালৈকে মিনুক লগ কৰিবলৈ আহিবলে মানা কৰিলে ৷ ধৰখুৰাৰ খং উঠা ৰূপটো মনত পৰি খুৰী আৰু নীলুদা যেন কঁপিহে উঠিল তেনে লাগিল সিহঁতৰ ৷
পাৰাৰ আনকেইটা ল’ৰাৰ মুড মিনুৰ মুডৰ সৈতে ডুলি থাকে আৰু সেয়ে সেইসময়ত সিহঁতিও শেঁতা পৰি আছে ৷ দলটোৰ মিনুৰ সমবয়সীয়া আৰু তাৰদৰেই আগৰণুৱা আনটো ল’ৰা নুনকি কোনোবা সম্বন্ধীয় মানুহৰ ঘৰলৈ যোৱা বাবে সেইকেইদিন তাৰ দেখাদেখি নাই ৷ আন উপাই নেদেখি সিহঁতদুটাই ভগৱানকে আকৌ এবাৰ প্ৰাৰ্থনা কৰিবলৈ থিৰাং কৰিলে ৷ ঘৰলৈ উভতি আহি অপুৱে অসময়ত হাততসাৰে-ভৰিতসাৰে গোসাঁই ঘৰত সোমাই সাৰি-শব্দ নোহোৱাকৈ দুৱাৰখন বন্ধ কৰিলে আৰু ফুচফুচকৈ প্ৰাৰ্থনা কৰি ভগৱানক এটি শেষ অনুৰোধ জনালে ৷ মনে মনে ওলাই আহোঁতে মাকে চাগে কৰবাৰ পৰা দেখিলে আৰু অসময়ত গোসাঁই ঘৰত সোমাৱাৰ কাৰণ সুধিলে ; ভাগ্যে ওলাই আহোঁতে গোসাঁই ঘৰৰ সন্মুখভাগত মাকে ষ্টৰৰুমৰ দৰে ৰখা নানান বস্তুৰ মাজৰ টেমা এটাৰ পৰা সি দুখন তিলপিঠা লৈ আহিছিল , গতিকে সি টপৰাই উত্তৰ দিলে যে তাৰ ভোক লাগিছিল ৷
*********
দিনটো যিমানে পাৰ হ’ল সিমানে অপুৰ মনত খেলখন চাবলৈ পোৱাৰ আশা টুটি গৈ থাকিল ; তাৰমাজতে বাবকে আগৰাতি ভাতৰপাটত কোৱা,--“খেলখন চাবলৈ যোৱাটো বাৰু থিকেই আছে, কিন্ত---'' কথাষাৰকে সি খেৰকুটাৰ দৰে ধৰি থাকিল ৷ মাজে মাজে মাক আৰু আইতাকে প্ৰায়ে কোৱা—“ভগৱানে সদাই ভক্তক সহায় কৰে,” কথাষাৰ মনত পেলাই ভগৱানক মনে মনে ভক্তি জনাই থাকিল ৷
আবেলি চাহ-জলপান খোৱাৰ সময়ত মাকে দেউতাকক ক’লে,—“ল’ৰাটোক হা না কিবা এটা কওকচোন ; আপুনি যাব নোৱাৰে যদি দিলবাহাদুৰ বা বুদ্ধিমানৰ লগতে পঠিয়াই দিয়ক ৷ সি দিনটো অস্থিৰ হৈ আছে আৰু তাৰ মূৰত আন একো কথাই সোমোৱা নাই ৷ তাক যাবি বাৰু বুলি কৈ দিলেনো কি হয় !” মাকে অপুক কাষলৈ চপাই আনি চুমা এটা খাই পুণৰ ক’লে,--“শুনিছেনে আপুনি, মোৰ বাচাই দুপৰীয়া মনে মনে গোসাঁই ঘৰত সোমাই প্ৰাৰ্থনাও কৰিছে ৷” সেইকথা শুনি বায়েকহঁতে খেকখেকাই আৰু দেউতাকে মুখটিপি হাঁহিলে ৷ অপুৱে পিচে অকণো লাজ নেপালে ; বৰং খেলখন চাবলৈ তাৰ যে কিমান মন গৈছে সেইকথা সকলোকে মুকলিকৈ কোৱা বাবে মাকলৈ তাৰ বৰ মৰম লাগিল ৷ দেউতাকে তথাপিও ‘চাওঁচোন বাৰু’ বুলিহে কৈ থ’লে ৷ ৰাতি পঢ়ামেজত কিতাপৰ পাত অপুৱে মাথো মেলিহে থলে, চকুৰে একো নেদেখিলে ৷
*********
খেলৰ দিনা ৰাতিপুৱা সময়খিনি তাৰ বাবে নেযায়-নুপুৱাই যেন হ’ল ৷ কেৰোঘেহোঁকৈ স্কুললৈ যাবলৈ ওলাওঁতেই সি সৰু বায়েকক পদূলিলৈ চাই দৌৰি ওলাই যোৱা দেখিলে ৷ খিৰিকিৰে বাহিৰলৈ চাই সি ক’লাৰঙৰ লেণ্ডমাষ্টাৰখন দেখা পালে ৷ সিও তৎক্ষণাত বাহিৰলৈ দৌৰিলে – তাৰমানে সৰুখুৰা আহি পাইছে গুৱাহাটীৰ পৰা ৷ খুৰাই ইতিমধ্যে গাড়ীৰ পৰা নামি ল’ৰা-ছোৱালীকেইটাক লুজেঞ্চ বিলাইছে ৷ অপুৱে প্ৰায় চিঞৰ মাৰি ক’লে,-“জানে খুৰা, আজি মহমেডান স্পৰ্টিং আৰু শ্বিলং একাদশৰ মাজত এখন খেলা হ’ব !”
-“ওলাবি, আমি দুই বজাত যাম,”— ডাক্তৰ খুৰাই উত্তৰ দিলে ৷
-“কি-ই-ই---“
--“মই ক’লো বোলে দুইবজাত যাম ওলাবি”—খুৰাই মৰমসনা মাতেৰে ক’লে ৷
অবিশ্বাস্য কিন্তু সঁচা – এক্কেবাৰে সঁচা –
অপুৱে দেখিলে যে দেউতাকে খুৰাকক মাত দিবলৈ সন্মুখৰ বাৰাণ্ডালৈ ওলাই আহিছে ; সি দৌৰি দেউতাকৰ ওচৰ পাই ক’লে,-“খুৰাই কৈছে আমি খেলখনলৈ যাম –”
দেউতাকে তাক অলপ ওচৰলৈ টানি মূৰত হাত ফুৰালে আৰু অকণমানকৈ থেলা এটা মাৰি ক’লে,--“ঠিক আছে যা,”—
খুৰাই টুকনকো লগত নিবলৈ মান্তি হোৱাত অপুৱে দৌৰি তাহাঁতৰ ঘৰলৈ গৈ বাহিৰৰ পৰাই চিঞৰি টুকনক খবৰটো দিলে আৰু টুকনেও তাৰ দেউতাক অফিচলৈ যোৱাৰ ঠিক আগমূহুৰ্তত অনুমতি উলিয়াই ল’লে ৷
অপুৱে দৌৰি ঘৰলৈ উভতি আহি মাকক খবৰটো দিলে ৷ মাকে ক’লে,--“বেছ তেনে, মনটো ভাল লাগিছেনে এতিয়া ? স্কুললৈতো যোৱা নহ’ব ! কিন্তু মনত ৰাখিবি পঢ়াত ইৰিক-বিৰিক হ’লে বাবাৰে কি কৰিব বুলি কৈছিল আৰু কৰিবও ৷ গতিকে পঢ়াত ধৰগৈ, দুই বাজিবলৈ এতিয়াও কেইঘণ্টামান আছে ৷” বায়েকহঁতে তালৈ পোন্দোৱাকৈ চাই স্কুল-কলেজলৈ গ’লগৈ ৷
*********
অপুৱে পঢ়ামেজত বহি কিতাপ মেলি ল’লে কিন্তু কিতাপত কোনোপধ্যে মন বহুৱাব নোৱাৰিলে ৷ পাটিগণিতৰ কিতাপখন মেলি লৈ দুটামান অঙ্ককে কৰোঁ বুলি ভাবোতেই অঙ্কৰ পৰিবৰ্তে তাৰ মনলৈ ভাৱ আহিল,--“কথাটো দেখোন কিবাযেন লাগিছে ; বাবাই এইকেইদিন ‘চাওঁচোন বাৰু’ বুলি কৈ আছিলে আৰু খুৰা আহি একবাৰে ঠিক সময়তে ওলালহি ! সেইটোনো কেনেকৈ সম্ভৱ হ’ল! – বাবা ঘৰতেই আছিল আৰু খুৰা আছিল ইমান দূৰত গুৱাহাটীত !” – কথাবোৰ তাৰ কিবা খেলিমেলি লাগি গ’ল ৷ অঙ্ক সামৰি সি তাৰ ভাললগা সাহিত্যৰ কিতাপখন মেলি ল’লে ৷
মাকৰ লগত বহি সি আকৌ এবাৰ ভাত খালে আৰু লৰালৰিকৈ কাপোৰ পিন্ধি সাজু হ’ল – সি বগা লংপেণ্ট, তাৰ ভাললগা বুশ্বচাৰ্টটো আৰু প্ৰায় নতুন ব্ৰাউন বঙৰ জোতাযোৰ পিন্ধিলে ৷ কিন্তু মাকে তাক কাপোৰযোৰ সলাবলৈ বাধ্য কৰিলে-,“ওঁহো নহ’ব, এই বগা পেণ্টটো তেনেই লেতেৰা হৈ যাব ৷” পুৰণা ক’লা পেণ্টটো আনি মাকে তাৰ হাতত তুলি দিলে,--“এই নতুন জোতেযোৰ কিয় পিন্ধিছ, মানুহৰ গছকত বেয়াহৈ নাযাব ? যা স্কুলৰ জোতাযোৰ পিন্ধগৈ ৷” মাকৰ নিৰ্দেশ মতে পেণ্ট আৰু জোতা সলোৱাৰ বাদে তাৰ উপাই নাছিল ৷ অলপ পানী আৰু তেল দি সি কপালৰ আগত অলপ ঢৌ খেলোৱাকৈ চুলিখিনি ফনিয়াই ল’লে ৷ মাকে অলপ সহায় কৰি দি বৰডেকাটোলৈ চাই হাঁহিলে ৷
টুকনো আহি পালে আৰু সি স্কুলৰ জোতা আৰু হাফপেণ্ট পিন্ধি অহা দেখি অপুৰ অস্বস্তি দূৰ হ’ল ৷
সিহঁত দুয়ো চোতালত অলপ ৰওঁতেই সৰুখুৰা দুৱাৰ খুলি ওলাই আহিল – লগত ৰাজু ; ৰাজুৰ দুষ্টামিবোৰৰ লগত সদাপৰিচিত অপুৱে সি লগত যাবলৈ সৰু বুলি আপত্তি কৰিলে যদিও খুৰাই ৰাজুৱেও খেলখন চাব লাগিব বুলি কৈ আগবাঢ়িল ৷ গেৰিচন গ্ৰাউণ্ডলৈ খোজকাঢ়ি যাওঁতে বাটছোৱাত খুৰাই কৈ গ’ল কিদৰে ডাঙৰদাদাকৰ পৰা আগদিনা ট্ৰাঙ্ককল এটা পালে আৰু পুৱা পাঁচবজাতে ওলাই বৰ স্পীদত –প্ৰায় ত্ৰিশ মাইল বেগত গাড়ী চলাই শ্বিলং পালেহি আৰু অৱশ্যে ফোন নাপালেও অহাটো প্ৰায় খাটাঙেই আছিল কাৰণ অফিচৰ ট্যুৰত যাব লগা হোৱাত তেওঁৰ বৰদলৈ ট্ৰফীৰ এখনো খেল চোৱা নহ’ল ৷ সিহঁত গৈ খেলপথাৰৰ লাবানৰ ফালৰ গেটখনত উপস্থিত হ’লগৈ ; খুৰাকে গেটকীপাৰজনৰ লগত খাচি ভাষাতে কিবা দুষাৰ কথা পাতিলে আৰু গেটকীপাৰজনে পথালিকৈ থোৱা বাঁহডাল অলপ ডাঙি ল’ৰাতিনিটাক চাপৰি তলেৰে সৰকি সোমাবলৈ দিলে ৷ খুৰাকে ততাতৈয়াকৈ নিজৰ বাবে এখন টিকট কিনি আনি সোমাল আৰু সিহঁতক লৈ গ’লপোষ্টৰ পিচফালে সুবিধাজনক ঠাই এডোখৰত থিয় হ’লগৈ ৷ অপুৱে দাঁতিৰ গেলেৰী এটালৈ যোৱাটোত জোৰ দিলে যাতে দুয়োফালৰ খেলাখন সমানকৈ চাব পৰা যায় কিন্তু খুৰাকে যুক্তি দিলে যে গ’লপোষ্টৰ পিচফালৰ পৰা এবাৰ মহমেডান স্পৰ্টিঙৰ ফৰৱাৰ্ড লাইনৰ খেল চাব পৰা যাব আৰু আনটো হাফত মহমেদানৰ বেক লাইনৰ আৰু গ’লকীপাৰ থঙ্গৰাজৰ খেল চাব পৰা যাব, তাকো দুয়োবাৰে একেবাৰে ওচৰৰ পৰা ৷ খুৰাকৰ যুক্তিয়েই ৰজিলগৈ ৷
খেল আৰম্ভ হোৱাৰ সময় তিনি বজাত আৰু সেয়ে শ্বিলং দলে ইতিমধ্যে ফিল্ডত সোমাই অনুশীলন কৰিছে ৷ কিক্-অফৰ সময়ৰ অলপ আগতে দৰ্শকৰ বিপুল হৰ্ষধ্বনিৰ মাজত মহমেডানৰ দল ফিল্ডত সোমাল আৰু এটা ফালে অনুশীলন আৰম্ভ কৰিলে ; তেওঁলোকে দৰ্শকক নিজৰ ড্ৰিব্লিং আৰু গ’ললৈ লোৱা শ্বটৰ চাতুৰ্য্য দেখুৱাবলৈ ধৰিলে আৰু দৰ্শকৰ একাংশয়ো উল্লাসেৰে হৈ-চৈ কৰি উঠিল যেন আচল খেলখনহে আৰম্ভ হ’ল ৷ গেলেৰীত মানুহ সোমায়েই থকাত ভীৰ বাঢ়ি গ’ল আৰু বাহুৱে বাহুৱে থেলা-থেলি কৰি দৰ্শক থিয় হ’ব লগা হ’ল ৷ ভাগ্যে ভলণ্টিয়াৰে অপু টুকনকে আদি কৰি সৰুবোৰক আগৰ শাৰীত থিয় কৰাই দিয়াত সিহঁতৰ গোটেই ফিল্ডখন সম্পূৰ্ণকৈ দেখা পোৱাত অসুবিধা নহ’ল ৷
ৰেফাৰী আৰু লাইনচমেনে চেণ্টাৰৰ ওচৰত থিয় হৈ হুইচেল বজালে ৷ শ্বিলং দলে নিৰ্দেশ মানি ফিল্ডৰ বাহিৰলৈ গ’ল আৰু তেওঁলোকৰ মূল এঘাৰজনে ‘চাইড ষ্টেণ্ডৰ’ দৰ্শকৰ হাততালি আৰু উল্লাসৰ মাজত ফিল্ডত প্ৰৱেশ কৰিলে ৷ মহমেডান দলে ৰেফাৰীৰ হুইচেললৈ কান নিদি অনুশীলন চলাই থাকিল ৷ তেওঁলোকক যেন সেয়া গ্লেমাৰে দিয়া অযাচিত সুবিধা ৷ “তেওঁলোকতো শ্বিলঙলৈ নিজে অহা নাই, মাতি অনা হৈছে৷” ---“এনেকুৱা টীমৰ গ্লেমাৰৰতো এটা সন্মান আছে৷” – অপুহঁতে ঠাই লোৱা লাবান গেলেৰীৰ দৰ্শকৰ মাজৰ পৰা এনেধৰণৰ মন্তব্যবোৰ ভাঁহি আহিল ৷ কেইবাবাৰো হুইচেল মাৰি মহমেডানৰ সঁহাৰি নাপাই ৰেফাৰী নিজে গৈ মহমেডানৰ খেলুৱৈৰ লগত কথা পতাত তেওঁলোক সদয় হ’ল ৷ লাবান আৰু কেন্সেচ ষ্ট্ৰেচ ষ্টেণ্ডৰ দৰ্শকৰ বিপুল হৰ্ষধ্বনিৰে মহমেডানৰ মূল একাদশ ফিল্ডত সোমাল ৷
অপু আৰু টুকনক খেলৰ সময়খিনিত নিজৰ ঠাইৰ পৰা অলপো আঁতৰ নহ’বলৈ কাঢ়া নিৰ্দেশ দি ৰাজুক লৈ খুৰাই তাৰপৰা আন সুবিধাজনক ঠাই বিচাৰি গ’ল ৷
*********
খেল আৰম্ভ হ’ল –শ্বিলং দলে প্ৰথম হাফত অপুহঁতৰ ফালে স্থান ল’লে ; গতিকে মহমেডানৰ ফৰৱাৰ্ড লাইনৰ আকবৰ, কান্নান, ৰামান্না, পাপান্না আদি অপুৰ সপোনৰ হিৰ’কেইজনে সোঁশৰীৰে একেবাৰে তাৰ দুচকুৰ আগতে খেলিলে ৷ কিছুসময় শ্বিলঙৰ আক্ৰমণ চলিল আৰু মহমেডানে প্ৰতিৰক্ষা কৰিলে ৷ মহমেডানৰ বেকীৰ মাজেৰে বল সৰকাব নোৱাৰি শ্বিলঙৰ ফৰৱাৰ্ডে গ’ললৈ দীঘল শ্বট ল’বলৈ ধৰিলে – চাইড ষ্টেণ্ডৰ দৰ্শকে প্ৰটিটো শ্বটত আশাৰে সমস্বৰে চিঞৰিলে ; কিন্তু এটা শ্বটৰ বাদে আনবোৰ গ’লপোষ্টৰ বাহিৰেৰে গ’ল – মহমেডানৰ সমৰ্থক দৰ্শকে ঠাট্টাৰে চিঞৰিলে,-- “উ---উ---হু---হু ৷“ কিছুসময়ৰ পিচত খেলখনৰ গতি ঘূৰিল , মহমেডানৰ আক্ৰমণত শ্বিলঙৰ আটাইকেইজন খেলুৱৈ নিজৰ হাফতে পেনাল্টিবক্সৰ আশে-পাশে আবদ্ধ হৈ পৰিল ৷ যদিও শ্বিলঙৰ গ’লকীপাৰে দুটা শ্বট দক্ষতাৰে বচালে তথাপি শ্বিলঙৰ ওপৰত চাপ ইমান বেছি পৰিবলৈ ধৰিলে যে বাৰবছৰীয়া অপু আৰু টুকনেও ধৰিব পাৰিলে যে গ’ল এটা যিকোনো মুহুৰ্ততে হ’ব ৷
---- কান্নানে লেফ্ট উইঙ্গেৰে বল লৈ তীব্ৰবেগে আগবাঢ়ি আহি শ্বিলঙৰ বেকীকেইজনৰ ওপৰেৰে মাইনাচ কৰিলে—সেই ক্ৰচটো একেবাৰে হিচাবত আহি পেনাল্টি লাইনতে খাপপিটি থকা আকবৰৰ ভৰিতে পৰিল – আকবৰে মুহূৰ্ততে সোঁভৰিৰ সৰুগাঁঠিটো অলপকৈ ঘূৰাই বলটো গ’ললৈ ভলী কৰি পঠিয়ালে – অকস্মাৎ বুলেটগতিত অহা বলটো গ’লকীপাৰক লৰিবলৈকো সময় নিদিয়াকৈ বাওঁপোষ্টৰ কাষেৰে গ’লত সোমাল ৷ লাবান ষ্টেণ্ডত কাণতালমৰা গিৰ্জনি উঠিল – চাইড ষ্টেণ্ড হতাশাত “হু---হ—“ কৈ দমি গ’ল ৷
হুলস্থুল কমি খেলখন আকৌ আৰম্ভ হয় মানে অপুৱে মনত সেই গ’লটোৰ ছবি এখন আঁকি ল’লে --লেফ্ট উইঙ্গেৰে তীব্ৰ দৌৰ – মাইনাচ- ভৰিৰ সৰুগাঁঠিৰ পাক – বলটো নেটত ; কি আশ্চৰ্য্যকৰ !
শ্বিলঙে বিপক্ষৰ ওপৰত চাপ দিবলৈ চেষ্টা কৰিলে কিন্তু থঙ্গৰাজ আৰু কোম্পানীয়ে তেওঁলোকক প্ৰতিহত কৰি নিজৰ হাফলৈ থেলি পঠিয়ালে ৷ শ্বিলঙে প্ৰাণেপনে বিপক্ষক ৰুধিবলৈ চেষ্টা কৰিলে কিন্তু যিকোনো মুহূৰ্ততে মহমেডানৰ দ্বিতীয় গ’ল এটাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিল ৷ শ্বিলং দলে হয়তো থিৰাং কৰিলে যে ‘বহুত হ’ল আৰু – এনাফ ইজ এনাফ’- বিপক্ষক হেঁচুকি নিবলৈ সকলো খেলুৱৈ কিছু আগুৱালে ৷ তেনেতে ৰামান্নাৰ পৰা পাচ এটা পাই শ্ববিৰ আলিয়ে বলটো শ্বিলঙৰ ফুলবেকৰ ওপৰেৰে পাৰ কৰি তেওঁলোকৰ মাজেৰে বাগি দি ওলাই বলটোৰ ফালে তীব্ৰবেগে দৌৰ দিলে – শ্বিলঙৰ খেলুৱৈ শ্ববিৰ আলিৰ পিচে পিচে দৌৰিলে আৰু গ’লকীপাৰজনেও বলটো আগতেই হস্তগত কৰিবলৈ গ’লপোষ্ট এৰি আগলৈ দৌৰি ওলাই গ'ল; কিন্তু কৌশলী শ্ববিৰে গলকীপাৰতকৈ একমুহূৰ্ত আগতে বলত ভৰি লগাই গলকীপাৰৰ ওপৰেৰে ‘চিপ’ কৰি দিলে – বল গৈ নেটত সোমালগৈ ৷ আকৌ এবাৰ লাবান ষ্টেণ্ড উল্লাসত ফাটি পৰিল আৰু চাইড ষ্টেণ্ডৰ পৰা হতাশাৰ “হু---হ—“ ভাঁহি আহিল ৷
বলটো পুণৰ চেণ্টাৰ স্পট পায়গৈ মানে অপুৱে সেই সুন্দৰ গ’লটোৰ ছবিও মনত আঁকি ল’লে ৷ শ্ববিৰ আলিৰ ‘চিপ'টোৱে তাৰ মনলৈ আনিলে তাহাঁতৰ পাৰাৰ খেলত নুনকিৰ তেনেকুৱা ট্ৰিকচৰ কথা ; নুনকিৰ ভৰিৰ যাদুৱে প্ৰায়েই পাৰাৰ দাদাবিলাকৰ প্ৰশংসা পায় আৰু সিও এদিন ডাঙৰ ক্লাবত খেলিবলৈ পাব বুলি মনতে আশা পুহি ৰাখিছে ৷
হাফটাইমৰ হুইচেল পৰাৰ লগেলগে সকলোফালৰ পৰা এস্কপাৰ্ট কমেণ্ট উফৰি আহিবলৈ ধৰিলে , এজনতকৈ আনজন চৰা কমেণ্ট ৷ খুৰাই দুটা কাগজৰ থুৰিয়াত বালিত ভজা বাদাম লৈ আহি সিহঁতদুটাক দিলে আৰু সেইঠাইৰ পৰা অলপো লৰফৰ নকৰিবলৈ পুণৰ সকিয়াই দি ৰাজুৰ সৈতে অন্তৰ্দ্ধান হ’ল ৷
বাদাম কেইটামান চোবোৱাৰ পাচত অপুৰ পানী খাবলৈ মন ঘ’ল ৷ ইফালে সিফালে চাওঁতে এটা আচৰিত দৃশ্য দেখি তাৰ চকু থিৰ হ’ল আৰু টুকনৰ মূৰটো সেইফালে ঘূৰাই দি তাকো দৃশ্যটো দেখুৱালে--- বাঘা মিনু শান্তশিষ্টভাৱে ধৰখুৰাৰ কাষত থিয় হৈ আছে – অবিশ্বাস্য হ’লেও সত্য ৷ দুয়োটাৰে খুকখুককৈ হাঁহি উঠি আহিল ৷ টুকন অলপ ওখ সেয়ে অপুৱে তাক চাবলৈ ক’লে যে বাঘাটোৱে খুৰাকৰ হাতত ধৰি আছে নেকি ! ---“তাৰ মুখখনহে দেখিছো , হাতকেইখন দেখা নাই,”—টুকনে ক’লে ৷ বাঘাই খুৰাকৰ হাতত ধৰি খেল চাই থকা দৃশ্যটো কল্পনা কৰি সিহঁতৰ আকৌ হাঁহি উঠিল কিন্তু স্কুলত উদয় চাৰে প্ৰায়ে দিয়া সকিয়নি—“আনক আজি কোনো কথাত হাঁহিলে কালিলৈ নিজৰো সেই দশা হব”—কথাষাৰ মনত পৰাত জোৰকৈ হাঁহি সামৰিলে ৷ খুৰা সিহঁতৰ কাষত নথকা কথাটোৱে দুয়োটাকে সকাহ দিলে ; মিনুৱে নিশ্চয় কোনো ডাঙৰ মানুহ লগত নোহোৱাকৈ সিহঁতে খেল চাবলৈ অহাটো লক্ষ্য কৰিছে ৷ দমাই ৰখা হাঁহি আকৌ উঠি আহিব খোজোতেই ৰেফাৰীয়ে চেকেণ্ড হাফ আৰম্ভৰ হুইচেল বজালে ৷
*********
এইবাৰ থঙ্গৰাজে স্থান ল’লে অপুহঁতৰ সন্মুখতে গ'লপোষ্টৰ তলত ৷ সেই দীৰ্ঘদেহী, বিৰাট চেহেৰাৰ থঙ্গৰাজ অপুৰ চকুৰ ঠিক একেবাৰে আগত হাতেৰে চুব পৰাতকৈ অলপহে আঁতৰত , মাজত মাথো গ'লৰ নেটখন ; কথাটো যেন কিবা অবিশ্বাস্য কিন্তু একেবাৰে সঁচা ৷ তেনে এডোখৰ জেগাত সিহঁতক খেল চাবলৈ থিয় কৰাই দিয়া বাবে মনে মনে সি খুৰাকক ধন্যবাদ দিলে ৷
দ্বিতীয় হাফৰ খেল প্ৰথম হাফৰ দৰে উত্তেজনাপূৰ্ণ নহ’ল ৷ আৰম্ভনিতেই শ্বিলঙে দূৰৰ পৰা লোৱা দুটা শ্বটে থঙ্গৰাজৰ বাবে কোনো অসুবিধাৰ সৃষ্টি নকৰিলে আৰু শক্তিশালী তৃতীয় শ্বটটো থঙ্গৰাজে ফিষ্ট কৰি আঁতৰাই পঠিয়ালে ৷ সেই তিনিটা শ্বটৰ পৰিণতিত মহমেডানে শ্বিলঙৰ ওপৰত চাপ বঢ়ালে আৰু শ্বিলঙৰ ৰক্ষণত সুৰুঙা ওলাবলৈ ধৰিলে ৷ অপুহঁতৰ পৰা আঁতৰৰ সিটো পোষ্টত মহমেডানে আৰু এটা গ’ল দিলে – গ’ল কৰোঁতা আকবৰ ৷ অপুৱে সেইটো গ’লৰ ছবিখন মনত আঁকি ল’ব নোৱাৰিলে কাৰণ দূৰৰফালে কেনেকৈ গ’লটো হ’ল সি ভালকৈ ধৰিব নোৱাৰিলে ৷ শ্বিলঙ দলে কিছুপৰৰ পিছত একগোট হৈ প্ৰত্যাক্ৰমণ কৰিলে আৰু এজন ফৰৱাৰ্ডে পেনাল্টি বক্সৰ অলপ বাহিৰৰ পৰা লোৱা এটা শক্তিশালী কোণীয়া শ্বটত বল নেটত সোমাল—থঙ্গৰাজক পৰাভূত কৰি ; অবিশ্বাস্য যেন লগা কিন্তু একেবাৰে সঁচা সেই অতি আচৰিত ঘটনাটো অপুৰ চকুৰ আগতেই ঘটি গ’ল ৷ সত্য ঘটনাটো বুজি পাবলৈ দৰ্শকক কিছু সময় লাগিল ৷ ৰেফাৰীয়ে হুইচেল মাৰি যেতিয়া চেণ্টাৰ স্পটলৈ আঙুলিৰে সঙ্কেত দিলে তেতিয়া চাইড ষ্টেণ্ডৰ দৰ্শক আনন্দত মতলীয়া হৈ পৰিল ৷ লাবান ষ্টেণ্ডৰ বিভিন্নজনে মন্তব্য দিলে –“কনচলেশ্বন এটা পালে আৰু” ----“শ্বটটো অ-ৱ-শ্যে ভা—লে—ই আ—ছি—ল” --- “আৰে এইটাত মহমেডানেৰ সুধু এস্কিহিবিশ্বন ম্যাস” --- “এইৰকম শ্বট থাঙ্গাৰ জন্য কিচ্ছুই নয় , বাচাতে পাৰত, কিন্তু এৰি দিলে হোম টিমক ভাল লগাবলৈ” –
তাৰপিচত খেলখন নিৰস হৈ পৰিল – মহমেডানে নিজৰ ভিতৰতে পাচিং আৰু কেৰি খেলি থাকিল – শ্বিলঙে নিজৰ হাফতে ঘূৰা-ঘুৰি ৷ ৰেফাৰীয়ে দীঘল হুইচেল মাৰি খেল সামৰিলে ; কিছুমানৰ মতে খেল বোলে সময়তকৈ আগতেই শেষ কৰিলে ৷
*********
খুৰাকে সিহঁত তিনিওটাকে কামাখ্যা মিষ্টান্ন ভাণ্ডাৰলৈ মিঠাই খুৱাবলৈ লৈ গ’ল ৷ কিন্তু কামাখ্যা মি্ষ্টান্নত ইতিমধ্যে বিৰাট ভীৰ হৈ পৰিছে আৰু ওচৰতে মহমেডান আৰু শ্বিলঙৰ দুদল সমৰ্থকৰ মাজত কাজিয়া আৰম্ভ হৈছে ৷
--“ৰিফিউজীৰ জাত – থাক শ্বিলঙত পঢ় শ্বিলঙত খাৱ শ্বিলঙত মৰিবিও শ্বিলঙতেই ---কিন্তু ইমান অশলাগী – শ্বিলঙক সমৰ্থন নকৰ /”
---“ভূত, জঙ্গলী, ফুটবল কি জানিছ ? জানিছ কি ৰে এইটা খাবাৰ জিনিচ কি খেলা ? শিখ শিখ কলকাতাৰ কাছে শিখ ৷”
“হেৰ পৰৰ ওপৰত খোৱা ধূৰ্ত – ইমান সাহস বাঢ়িছে তহঁতৰ --- আজি ৰহ -- বখলিয়াই পেলাম-”
--“হেই টানা চোখ, মূৰ্খু বোকাৰ জাত- -”
মাৰপিটত কোনে কাক ঘুচিয়ালে ধৰিব নোৱাৰা হ’ল – অশ্ৰাব্য গালি থৌ থৌ কৈ কেউফালে উফৰিল ৷ শিলবৰ্ষণত কামাখ্যা মিষ্টান্নৰ খিৰিকি আৰু মিঠাইৰ শ্বকেচৰ আইনা থনথনকৈ ভাঙিল ৷ ওচৰৰ দোকানবোৰো বন্ধ হৈ গ'ল - মাৰপিট বাঢ়ি গ’ল – তেনেতে পুলিচ আহি হুইচেল বজালে ৷
খুৰাকে ততাতৈয়াকৈ সিহঁতক নিৰাপদ দুৰত্বলৈ লৈ গ’ল ৷ কামাখ্যা মিষ্টান্নৰ মিঠাইৰ সোৱাদ হেৰুৱাব লগা হোৱাত সিহঁতে উস্উস্ আস্আস্ লগালে ৷ খুৰাকে ক’লে যে আপ্যায়নীৰ মিঠাইৰ সোৱাদ কামাখ্যা মিষ্টান্নতকৈ কোনোগুণে কম নহয় ; সিহঁতে খৰখোজেৰে আপাৰ লাবানলৈ গৈ আপ্যায়নীত চিংৰা, সন্দেশ আৰু লবঙ্গৰ সোৱাদ ল’লেগৈ ৷ সিহঁতে জিলাপী আৰু অলপ ভূজিয়া-বুন্দিয়া খাবলৈ মন কৰিলে, কিন্তু এটাৰ পিছত এটাকৈ তিনিওটাৰে উগাৰ অহাত খুৰাকে আৰু খাবলৈ নিদিলে – বৰং ঘৰত সকলোৱে একেলগে খাবলৈ বুলি জিলাপী আৰু ভূজিয়া বুন্দিয়া বান্ধি ল’লে ৷
*********
অপুৱে অতি সন্তোষ মনেৰে ঘৰলৈ উভতি আহিল – মনটোত পাৰভগা উল্লাস ৷ সি অধীৰ হৈ ৰৈ থাকিল আৰু বাবাক আহি পোৱাৰ লগে লগে দৌৰি গৈ ‘বাবা জানানে’ বুলি আৰম্ভ কৰি খেলখনৰ সম্পূৰ্ণ কমেন্টৰীয়েই শুনালে ৷ কমেন্টৰী শেষ হোৱাৰ পিচত মাকে তাক বাবাকে সিদিনা কোৱা কথাষাৰ মনত পেলাই দিলে,-- “খেলখন চাবলৈ যোৱাটো বাৰু ঠিকেই আছে, কিন্তু পঢ়াত পিচলিব লাগিলে – মনত ৰাখিবি তোৰো একেই দশা কৰিম ৷” সি কিছু দমি গ’ল আৰু পঢ়ামেজত বহিলগৈ ৷ দিনটোৰ উত্তেজনাত তাৰ ভাগৰ লাগিছিল আৰু সি সোনকালেই বিচনাত পৰিলগৈ ; গভীৰ টোপনিৰ মাজে মাজে সি একোবাৰ ফুটবল-ফুটবল সপোন দেখি থাকিল ৷
পিচদিনা ফৰকাল দেওবৰীয়া পুৱা সাৰপাই সি বাহিৰলৈ ওলাওঁতে চিৰিক-চিৰিককৈ এজাক ঘনচিৰিকা উৰি গ’ল –আহ হা কি ধুনীয়া ৰাতিপুৱা – কিযে এটা সুন্দৰ দিন – তাৰ মনটো আৰু বেছি ফৰকাল হৈ পৰিল ৷
সি আশা কৰিলে – মিনু অতি সোনকালে আকৌ বাঘাটো হৈ উঠিব – তাৰ বাঘা বাঘা খোজত পাৰাৰ ল’ৰাবিলাকে আকৌ গুজৰি উঠিব আৰু নুনকি অতি সোনকালে তাৰ সম্বন্ধীয় মানুহৰ ঘৰৰ পৰা উভতি আহিব আৰু সিহঁত গোটেইজাকে ফিল্ডখনত মহমেডান আৰু শ্বিলঙৰ মেট্চখন খেলিব – সি নিজে শ্বিলঙৰ ষ্টপাৰবেক পজিচনত খেলিব কাৰণ মহমেডান যদিও বৰ ডাঙৰ টিম শ্বিলং যে তাৰ একেবাৰে নিজৰ !
*********